Featured Posts

পিতৃ প্ৰয়াত কুমুদ খাউণ্ডৰ যোৰহাট চৰকাৰী হাইস্কুলৰ বন্ধুবৰ্গ – ৰিক্সা ভ্ৰমণ


- প্ৰশান্ত জ্যোতি খাউণ্ড (অসীম)



আমাৰ যোৰহাট বঙালপুখুৰীৰ ঘৰলৈ অহা পিতৃৰ স্কুলীয়া সহপাঠী কেইজনমানক সৰু থাকোঁতে দেখা মনত পৰে। মই দেখা পোৱা পিতৃৰ সহপাঠী সকল হৈছে প্ৰয়াত বদন বৰুৱা, ডা: নলীন বৰুৱা, সুশীল শৰ্মা, অজিত কুমাৰ শৰ্মা, ৰাজেন হাজৰিকা, ধ্ৰুৱ ভট্টাচাৰ্য্, পদুম বৰুৱা আৰু পোনাৰাম গগৈ। পদ্ম বৰকটকী দেৱো দুই এবাৰ আমাৰ ঘৰলৈ আহিছিল আৰু বাবাই একে লগৰ বুলি কৈছিল। আমি দেউতাক “বাবা” বুলি মাতিছিলো।


শ্ৰীমান অভিনিৱেশে তেওঁৰ ককাক প্ৰয়াত অজিত কুমাৰ শৰ্মাৰ স্কুলীয়া দিনৰ বন্ধু প্ৰয়াত কুমুদ খাউণ্ডৰ (মোৰ পিতৃ) সৈতে অথবা তেখেত সকলৰ ১৯৪১ চনৰ যোৰহাট চৰকাৰী হাইস্কুলৰ শিক্ষান্ত পৰীক্ষাৰ্থী সকলৰ বিষয়ে মোৰ চাক্ষুষ অথবা পিতৃদেৱৰ পৰা শুনা বিভিন্ন বৃত্তান্ত লিখিত ভাৱে জনাবলৈ কোৱাত স্মৃতিৰ বন্ধ কোঠালিৰ দুৱাৰ খুলিবলৈ চেষ্টা কৰিছো। শ্ৰীমান অভিনিৱেশৰ এই প্ৰচেষ্টা নিশ্চিতভাৱে শলাগিবলগীয়া। পিতৃৰ লগৰ আটাইকেইজনকে একেলগে লগ পোৱা নাই যদিও মাজে সময়ে যিকেইজনৰ সৈতে সাক্ষাৎ হৈছিল তেওঁলোকৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম। আমাৰ ন্-আলিৰ ঘৰখনৰ পৰা দুশ মিটাৰ মান আগত পুৰণা ঘৰখন আছিল। আমি সৰুতে সেইখন ঘৰতে আছিলো, ১৯৫৭ চন মানতহে নতুন ঘৰলৈ উঠি আহিছিলো। গতিকে সেই পুৰণা ঘৰ খনৰ বিষয়ে লিখিলেহে বাবাৰ লগৰ ১৯৪১ চনৰ শিক্ষান্ত পৰীক্ষাৰ্থী বন্ধুখিনিৰ সেই সময়ৰ কথাৰ লগত খাপ খাব। পদূলিৰ পৰা এটা বিশাল পুখুৰীৰ (দীঘে প্ৰায় ১৫০ ফুট আৰু বহলে প্ৰায় ৫০ ফুট) দুয়োপাৰে দুটা বিশ ফুটীয়া বাটেৰে মূল ঘৰখনলৈ যাব লাগে। দুয়োটা বাটৰে দুয়াপাৰে শাৰী শাৰী নাৰিকল গছ্, পাতাবাহাৰ আৰু অন্যান্য স্থায়ী ফুলগছৰ দৃশ্য মোৰ মানস পটত এতিয়াও সজীৱহৈ আছে। পুখুৰীত এটা পকা পুল আৰু খটখটি আছিল। পাঁচ বিঘামাটিৰ বাৰীখনৰ মাজ অংশতে হাউলী সদৃশ ঘৰ আৰু প্ৰায় সকলো ধৰণৰ ফলমূল তাত আছিল। আমি ককাক দেখা নাই যদিও শুনা মনত পৰে আৰু ফটোত দেখিছো দীঘল দাঢ়িৰে সৈতে ককা গোলেশ্বৰ খাউণ্ডদেৱ ঋষি সদৃশ লোক আছিল আৰু তেখেতৰ ঘৰলৈ অহা সকলো লোককে পেট ভৰাই বাৰীৰ বস্তু খাবলৈ দিয়াৰ উপৰি ঘৰলৈ নিবলৈ এটা টোপোলা বান্ধি দিয়ে। পিতৃৰ মুখত শুনামতে তেখেতৰ লগৰ বন্ধু বান্ধৱ সকলক ককাই বৰ মৰম কৰিছিল আৰু ঘৰলৈ আহিলে বাৰীখনত ফুৰোৱাৰ (আজিকালি যাক Tree Walk বুলি কয়্) উপৰি পেট ভৰাই বাৰীৰ ফলমূল, জা–জলপান খুওৱাৰ উপৰি ঘৰলৈ বুলি ফলমূল আৰু পাচলিৰ টোপোলা বান্ধি দিয়াটো বাধ্যতামূলক আছিল।


বাবাই এবাৰ কোৱা মনত আছে ১৯৪১ চনত যোৰহাট চৰকাৰী হাইস্কুলৰ শিক্ষান্ত পৰীক্ষা দিয়াৰ পাছত ফলাফল ওলোৱাৰ মাজৰ সময় খিনিৰ কথা। সেই সময়খিনি তেওঁলোকে অথলে যাবলৈ নিদিছিল – শাৰীৰিক্, মানসিক আৰু বৌদ্ধিক বিকাশৰ কাৰণে যেই কোনো ধৰণৰ যোগাত্মক কাৰ্য সূচী হাতত লৈছিল। বাবাৰ লগৰ সকলোৰে ঘৰ অথবা হোষ্টেল বা মেচ যোৰহাট নগৰৰ মাজ মজিয়াত আছিল ব্যতিক্ৰম মাত্ৰ বাবা। সেই সময়ৰ যোৰহাট হিচাপে সহপাঠী সকলৰ সকলোতকৈ দূৰত ঘৰ আছিল বাবাৰ।


এইখিনিতে জনাওঁ যে প্ৰয়াত সুশীল শৰ্মাই মোৰ মাতৃৰ বৰদেউতাক যোৰহাট চৰকাৰী হাইস্কুলৰ সংস্কৃতৰ শিক্ষক প্ৰয়াত চন্দ্ৰকান্ত বৰপূজাৰীৰ জীয়াৰী পুতলা মাহীক বিয়া কৰোৱা সূত্ৰে তেওঁ মোৰ মহা আৰু প্ৰয়াত অজিত কুমাৰ শৰ্মাৰ পৰিবাৰ মোৰ পৰিবাৰৰ সম্পৰ্কীয় মাহীয়েক হোৱা সুবাদতে দুয়োজনকে পৰৱৰ্তী সময়ত মহা বুলি উল্লেখ কৰিম। প্ৰয়াত বদন বৰুৱাই দিগম্বৰ চুকৰ প্ৰয়াত অমূল্য বৰুৱাৰ ভনীযেকক বিয়া কৰাইছিল আৰু তেখেত মোৰ মাতৃৰ সৈতে যোৰহাট চৰকাৰী গাৰ্লচ এম্.ই স্কুলৰ সহপাঠী আছিল।


এদিনৰ বৰ আমোদজনক ঘটনা–১৯৪১ চনত পৰীক্ষা দিয়াৰ পাছত ফৰকাল বতৰৰ কোনোবা এটা দিনত বদন বৰুৱা, সুশীল শৰ্মা, ডা: নলীন বৰুৱা, অজিত কুমাৰ শৰ্মা, ৰাজেন হাজৰিকা আৰু ধ্ৰুৱ ভট্টাচাৰ্য্ই বকুল বনৰ কবি প্ৰয়াত আনন্দ বৰুৱাৰ ঘৰত পুৱাবেলা ৯ মান বজাত এখন নাটক মঞ্চস্থ কৰাৰ বিষয়ে আলোচনা কৰিবলৈ গৈছিল। আলোচনা সোনকালে শেষ হোৱাত আনন্দ বৰুৱাৰ ঘৰৰ পৰা ওলাই আহি তেওঁলোকে কি কৰিব চিন্তা কৰিলে। সুশীল শৰ্মাই ৰিক্সাত উঠি ফুৰিবলৈ যোৱাৰ প্ৰস্তাৱ দিলে। ভবামতেই কাম। যোৰহাট নগৰলৈ ১৯৪০ চনত প্ৰথম তিনিখন ৰিক্সা আহিছিল, তিনিওজন বিহাৰী ৰিক্সাৱলা নগৰৰ কেন্দ্ৰস্থলত থকা সুশীল মহাৰ ঘৰৰ কাষতে অস্থায়ী ঘৰ সাজি থাকিব লৈছিল। তেতিয়া সৰ্বসাধাৰণে ৰিস্কাত উঠি যোৱাটো সহজসাধ্য বুলি ভবা নাছিল। সুশীল মহাৰ প্ৰস্তাৱ গ্ৰহণ যোগ্য হোৱাত আটাইকেউজন আহি ৰিক্সাৱলাৰ ঘৰৰ ওচৰ পাই তিনিওখন ৰিক্সা একেলগতে দেখা পাই দুজন দুজনকৈ ৰিক্সাত উঠি বহিল। তেতিয়ালৈকে কেনি যাব তাক ঠিক কৰা নায়। বিহাৰী ৰিক্সাৱলাই যেতিয়া সুধিলে “বাবু কাঁহা যায়েগা”, তেতিয়াহে হুঁচ আহিল। ৰিক্সাৰপৰা ননমাকৈয়ে আলোচনা কৰি ঠিক কৰিলেযে কেনিবা দূৰলৈ যোৱা যাওক্। অজিত মহাই ক্’লে “কুমুদৰ ঘৰলৈ যোৱা হওক কাৰণ তাৰ ঘৰ সকলোতকৈ দূৰত আৰু দুপৰীয়া কুমুদৰ ঘৰত নুখুৱাকৈ নাথাকে”। সিদ্ধান্ত অনুসৰি আটাইকেউজনে ৰিক্সাত উঠি হুদ নমাই ইখন ৰিক্সাৰ পৰা সিখন ৰিক্সালৈ শুনাকৈ ডাঙৰ ডাঙৰকৈ কথা পাতি ন্-আলি বঙালপুখুৰীৰ কুমুদ খাউণ্ডৰ ঘৰলৈ ৰাওনা হ্’ল।


যোৰহাট টাউনৰ পৰা বন্ধুবৰ্গ ৰিক্সাত উঠি তেওঁ লোক যেন পিকনিক খাবলৈহে গৈছে তেনেদৰে ফুৰ্তি কৰি যাওঁতে ল্’ৰা বুঢ়া সকলোৱে ঘৰৰ বাহিৰলৈ ওলাই তিনিখন ৰিক্সাৰ দীঘলীয়া শাৰী আৰু যাত্ৰীকেইজনক চাইছিল। সেই সময়লৈকে যোৰহাট নগৰৰ মাজমজিয়াৰ বাহিৰে অন্য কাষৰ পাজৰৰ লোকে ৰিক্সা দেখা পোৱা নাছিল। কুমুদ খাউণ্ডৰ ঘৰত প্ৰথম অৱস্থাত ছয়জনকৈ বন্ধুৰে সৈতে নতুন বাহন ৰিক্সা দেখি সকলো আচৰিত হৈছিল। কুমুদ খাউণ্ডৰ দেউতাক গোলেশ্বৰ খাউণ্ডে আদৰ সাদৰ কৰি আটাইকেউজন বন্ধুকে একেলগে ওচৰতে বহুৱাই খা-খবৰলৈ বাৰীৰ ফল মূল খোৱাৰ পাছত বাৰীখনত থকা বিভিন্ন গছ গছনি দেখুৱাই বিৱৰণ সহ পৰিচয় কৰায়। (আজিকালি যাক Tree Walk কোৱা হয়্)। ইতিমধ্যে ভাতৰ যোগাৰ হৈছে আৰু কুমুদ খাউণ্ডৰ বায়েক আৰু মাকে বৰ আদৰ সাদৰেৰে ছয় বন্ধুক দুপৰীয়া ভাত সাজ খুৱায়। আবেলিলৈ তেওঁলোকৰ প্ৰত্যেকৰে হাতে হাতে বাৰীৰ ফল-মূল আৰু পাচলিৰ টোপোলাৰে বিদায় দিয়ে। তিনি বিহাৰী ৰিক্সাৱলায়ো গোটেই দিনটো তাতে আছিল আৰু তেওঁলোকেও আদৰ আপ্যায়ন তথা টোপোলাৰ ভাগ পাই পৰম সন্তষ্টি লভিছিল। বন্ধুবৰ্গৰ কাৰণে সচাঁকৈ সেই দিনটো পিকনিকৰ নিচিনাই হ্’ল।


মোৰ যিমানদূৰ মনত পৰে আজিৰ পৰা প্ৰায় বিশ বছৰ মান আগতে প্ৰয়াত বদন বৰুৱা দেৱে দৈনিক অসম কাকতৰ দেওবৰীয়া সংখ্যাত নিয়মীয়াকৈ এটা শিতান লিখিছিল। সেই শিতানত প্ৰায়ে তেখেত সকলৰ স্কুলীয়া দিনৰ কথা লিখিছিল। ওপৰোক্ত পৰিঘটনাটিও এবাৰ পঢ়া মোৰ মনত আছে।



No. of Visitors

  • Instagram
  • Black YouTube Icon